Translate

Friday, September 16, 2016

What is Peptic Ulcer ?



Introduction - 

Peptic ulcer disease refers to presence of painful sores on the linings of stomach, duodenum (first part of small intestine) and occasionally lower part of oesophagus. According to site ulcer is called as Gastric ulcer or Duodenal ulcer or Esophageal ulcer. Most common symptom is upper abdominal pain early in the morning.


Meaning of peptic means acid related problems. Again some people believe that peptic word may be derived from pepsin, a n enzyme produced at stomach that helps digestion.

A History of Practice of Yoga

There isn't an approach to deciding precisely when Yoga was first practiced. We do know its roots are steeped in the historic Hindu tradition, the place it may be traced back to no less than 5,000 years.

Some experts consider Yoga was born out of Shamanism at the time of the Stone Age. This perception is predicated on quite a lot of similarities between the Neolithic settlements Mehrgarh (The Indus Valley Civilization now located in Pakistan and India 7000 BCE - 3200 BCE) and Modern Hinduism. However, in actuality, it was most likely, just the alternative. Shaman practices seen in Mehrgarh, was in reality influenced by the Hindu beliefs held at the moment.

Shamanism's objective was twofold: To heal, and to function as the mediator of spiritual points. In some ways, the aim of the ancient Yogis was identical in that the Hindu perception system was additionally inclined to uplift the connection of 1's group.

বনৌষধি গছৰ ৰজা মহানিমৰ বিষয়ে আমি কিমান জানো ? .

আমাৰ চৌপাষে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু ? মোৰ বিশ্বাস আজিৰ এই চমু লিখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেচি আপোন যেন লাগিব ৷


মহানিমৰ আন আন নাম হ'ল - ইংৰাজীত Indian Lilacআৰু margosa ৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম ৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু,গুজৰাটীত ধনুজহাদা, মলয়ালমত আৰ্য়াভেপু ,পঞ্জাবীত নিমহ্,তেলেগুত ভেপা বোলে ৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l'Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে ৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে ৷ সংস্কৃত নামাকৰণৰ ভাৱাৰ্থ হ'ল -অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক ৷
নিম বা মহানিমৰ ব'টানিকেল নাম হ'ল Azadirachta indica ৷

Friday, July 1, 2016

ছিটাৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োজনীয়তা

মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰত প্ৰস্ফুটিতহৈ উঠে৷ সেই লক্ষণসমূহে কেতিয়াবা অতি ভয়াবহ ৰূপধাৰণ কৰিব পাৰে৷ প্ৰাণলৈয়ো সংশয় আনিব পাৰে৷ ৰোগৰ অৱসান ঘটাৰ পিছতো শৰীৰৰ অংগত ক্ষয়-ক্ষতিৰ ছাপ থৈ যাব পাৰে৷ এনে বিপদজনক অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হয় ভেকচিন বা ছিটাৰ৷ যাৰ অসমীয়াত আন এটা নাম ' টিকা৷অভিধানমতে ছিটা ' দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰৱ্য৷

Wednesday, January 27, 2016

টেটু কি ? ইয়াৰ প্ৰয়োজনীয়তা আৰু সম্ভাব্য বিপদ সম্পৰ্কে জানিবলগীয়া :







গাত টেটু কৰা মানুহ বিচাৰি আজিকালি আৰু হাবাথুৰি খাব নালাগে৷ ১৮ৰ পৰা ৩০বছৰ বয়সৰ প্ৰতি ৪জন ব্যক্তিৰ ভিতৰত এজনৰ (পুৰুষ মহিলা নিৰ্বিচাৰে) গাত টেটু দেখা যায়৷ নৱ প্ৰজন্মৰ বহুতৰ শৰীৰৰ বিভিন্ন অংগত নিজৰ প্ৰিয়জন নাম টেটু কৰোৱা দৃশ্য আজিকালি সুলভ হৈ আহিব ধৰিছে৷ ১৮শতিকাত 'টেটু' শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা বুলি ঠাৱৰ কৰা হৈছে৷ ব্ৰিটিছ পৰিব্ৰাজক কেপ্তেইন জেমচ কুকে টাহিটি আৰু নিউজিলেণ্ডৰ যাত্ৰাৰ বৰ্ণনা কৰোতে টেটুৰ কথা উল্লেখ কৰিছে৷ জাপানী লোকসকলে পৰম্পৰাগতভাবে শৰীৰত অংকন কৰা চিত্ৰকলাক 'হৰিমনো' আৰু অনা-জাপানী চিত্ৰকলাক 'টেটু' আখ্যা দি আহিছিল৷ ১৯০০চনত অষ্ট্ৰেলিয়াৰ হেনৰি লিং ৰথে শৰীৰৰ ছালৰ ওপৰত অংকন কৰা চিহ্নৰ ৪টা প্ৰকাৰ নিৰূপিত কৰে৷ সেইকেইটা হ'ল-টেটু, ম'কো, চিকাট্ৰিচ আৰু কিলইড৷ ১৯শতিকাত জাপান দেশৰ চৰকাৰে সুদীৰ্ঘ ৭০বছৰ কাল (১৯৪৮চনলৈকে) টেটু নিষিদ্ধ কৰি ৰাখিছিল৷জাপানৰ বানিজ্যিক নগৰী ওকাচাত ২০১২চনৰ পৰা সকলো ধৰণৰ টেটু নিষিদ্ধ কৰা হয়৷চীন দেশত অপৰাধীৰ গাত টেটু কৰি দিয়া হয় সেয়ে সেইদেশত টেটুক ভাল চকুৰে চোৱা নহয়৷ ৰোমান, ব্ৰিটিছ, নাজী,আমেৰিকা আদি বহুতেই এটা সময়ত যুদ্ধবন্দী বা অপৰাধীৰশৰীৰত টেটু অংকিত কৰি দিছিল৷আকৌ নিজৰ ধৰ্মীয় পৰিচয় চিনাক্ত কৰিবলৈকো ঋষ্টান আৰু বৌদ্ধসকলে এটা সময়ত টেটু অংকিত কৰিছিল বুলি জনা যায়৷
প্ৰাচীনকালত ছালত টেটু অংকিত কৰিবলৈ বেজী বা জোঙা ধাৰ থকা সজুলি,ছাই,চিঞাহী বা আন ৰঙীন পদাৰ্থ ব্যৱহাৰ কৰাহৈছিল৷সেয়া স্বাস্থ্যসন্মত মুঠেই নাছিল৷ দিন বাগৰাৰ লগে লগে নানান অত্যাধুনিক সা-সৰঞ্জাম ইয়াৰ বাবে আবিস্কৃত হ'ল৷ পুৰুষ-মহিলা উভয়ৰ মাজতেই টেটু কৰাৰ পেশাদাৰী লোক গঢ়লৈ উঠিল৷ টেটুৰ প্ৰতি সমাজৰ দৃষ্টিভংগীও সলনি হৈ আহিব ধৰিল৷ তাৰ ফলত আজিকালি প্ৰফেচনেল লোকে টেটু কৰা ষ্টুডিঅ' বিভিন্ন ডাঙৰ ডাঙৰ চহৰত স্থাপিত হব ধৰিছে৷
টেটু কৰাবলৈ আগ্ৰহী লোকলৈ সতৰ্কবাণী:
যি কোনো শাৰীৰিক অসুস্থতাত ভূগি থকা সময়ত টেটু নকৰাব৷ টেটু কৰাবৰ কমেও ১২ঘন্টা আগৰ পৰা মদ আৰু এচপ্ৰিন সেৱন নকৰিব৷ মাত্ৰ এবাৰ ব্যৱহাৰ কৰা ডিচপজেবল বেজী আৰু ভালকৈ ষ্টেৰিলাইজড কৰা সৰঞ্জাম যাতে টেটু কৰোতে ব্যৱহৃত হয় সেই দিশলৈ চকু দিব৷
টেটুৱে সংঘটিত কৰিব পৰা বিপদসমূহ:
জীৱানুৰ সংক্ৰমন- টেটু কৰা সজুলি ভালদৰে বীজানুমুক্ত কৰা নহলে ছালৰ ভিতৰেদি শৰীৰলৈ নানাবিধ ৰোগ বিয়পিবপাৰে৷তাৰ ভিতৰত বিপদজনক কিছুমান হ'ল - হেপাটাইটিচ বি, হেপাটাইটিচ চি, এইচ আই ভি, টিবি, টিটেনাচ, ষ্টেফাইলোকক্কাচ বেক্টিৰয়াৰ সংক্ৰমণ৷ টেটুৰ বাবে ব্যৱহাৰ কৰা চিঞাহীৰ মাধ্যমৰে অনিষ্টকাৰী বেক্টেৰীয়াই শৰীৰত প্ৰবেশ কৰি চকু,হাওঁফাওঁ বা আন আন অংগৰ ক্ষতি সাধন কৰিব পাৰে৷ আকৌ টেটুৰ বাবে ব্যৱহাৰ কৰা ৰঙীন দ্ৰব্যৰ পৰাও কিছুমানৰ এলাৰ্জি হোৱা দেখা যায়৷ আনকি কিছুমান তেনে ৰং কৰা ৰাসায়নিক দ্ৰব্যৰ পৰা কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে৷ বহুতৰ আকৌ পৰৱৰ্তী সময়ত টেটু কৰাঠাইত নানাধৰণৰ চৰ্মৰোগ (যেনে এক্সিমেটাচ ডাৰ্মেটাইটিচ,লুপাচ,গ্ৰেনুলমা, কেলইড, হাইপাৰকেৰাটচিচ, আদি) দেখা দিয়ে৷টেটু কৰোতে তেজৰ নলীত জখম কৰিলে হেমাটমা হব পাৰে৷ লিম্ফৰ প্ৰণালীত প্ৰভাৱ পৰিলে গাঙঠি উঠিব পাৰে৷
টেটু কেনেকৈ আতৰাব ?
স্বাস্থ্যজনিত কাৰণত বা আইনৰ হেঁচাত পৰি টেটু আতৰাবলগীয়া হলে চৰ্মৰোগ বিশেষজ্ঞ বা প্লাষ্টিক চাৰ্জনৰ সহায় লোৱাটো ভাল৷ লেজাৰ, ক্ৰায়'চাৰ্জাৰী, স্কিনগ্ৰাফ্টিং আদিৰ সহায়ত টেটু আতৰ কৰিব পাৰি৷ ক'লা বৰণৰ টেটু অন্যান্য ৰঙীন টেটুৰ তুলনাত গুছাবলৈ কিছু সহজ ৷ টেটু গুছাবলৈ চেষ্টা কৰোতেও এলাৰ্জি বা পানীজ্বলা হব পাৰে৷কেতিয়াবা ছাল সোতোৰা-সোতোৰ (Scaring) হব পাৰে৷
মানুহে টেটু কিয় কৰে ?
ধৰ্মীয় বা গোষ্ঠীগত পৰিচয় বৰ্তাই ৰাখিবলৈ, সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ, ছালৰ বগা বা কলা দাগ ঢাকি ৰাখিবলৈ, ওঠত বা চেলাউৰিত স্থায়ী ৰঙ বজাই ৰাখিবলৈয়ো বহুতে টেটুৰ আশ্ৰয় লয়৷আনকি বহুতে মূৰৰ চুলি বুজাবলৈয়ো টেটু অংকিত কৰে৷ আকৌ বহুতে মেডিকেল কাৰণত নিজৰ শৰীৰত টেটু কৰায়৷ তেনে লোক ডায়েবেটিজৰ বা এলঝাইমাৰৰ ভুক্তভোগী হব পাৰে৷ডায়েবেটিজৰ ৰোগীয়ে 'মই ইনচুলিন লোৱা লোক' লিখাব পাৰে৷ আনহাতে স্মৃতি শক্তি কমা এলঝাইমাৰৰ ৰোগীৰ গাত নাম ঠিকনা লিখা থাকিব পাৰে৷অপৰাধী বা আন বন্দীৰ গাত টেটুৰ দাগ বহোৱাৰ কথা আগতে কোৱা হৈছেই৷
টেটুৰ বিষয়ে চমুকৈ কবলগীয়া ইমানেই৷ আগ্ৰহী পাঠকৰ বাবে সময়ত আৰু নতুন তথ্য যোগ দিয়াৰ ইচ্ছা থাকিল৷



Monday, January 4, 2016

ওকালি আৰু বমি : চিকিৎসকৰ দুআষাৰ

           ওকালি আৰু বমিৰ অভিজ্ঞতা নথকা মানুহ হয়তো বিচাৰিলেও পোৱা নাযাব৷ প্ৰতিজন মানুহৰ জীৱনত এবাৰলৈ হলেও ওকালি আৰু বমিৰ পাহৰিব নোৱৰা অভিজ্ঞতা নিশ্চয় থাকিব৷ওকালি আৰু বমি কোনো এবিধ ৰোগ নহয়৷কিন্তু ই মানুহৰ অভ্যন্তৰৰ সাধাৰণ বা গুৰুতৰ বিজুতিৰ লক্ষণ হব পাৰে৷ বহু সময়ত ওকালি আৰু বমি নিজে নিজে ভাল হয়, কিন্তু বহু সময়ত ইয়াৰ কাৰণ উদ্ধাৰ কৰিবলৈ নানান পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয় আৰু আৰোগ্যৰ বাবে ভুক্তভোগীক চিকিৎসা কৰিবলগীয়া হয়৷আজিৰ এই চমু লিখনিত ওকালি আৰু বমিৰ কাৰণ, প্ৰতিকাৰ আৰু ঘৰুৱা নিদানৰ ওপৰত কিছু আলোকপাত কৰিবৰ প্ৰয়াস কৰিম৷
        ওকালি হ'ল বমিৰ ভাৱ অহা মাথো - পেটৰ পৰা একো ওলাই নাহে৷ আনহাতে বমি হ'ল সেই প্ৰক্ৰিয়া য'ত পেটৰ পৰা জুলীয়া বা অৰ্ধগলিত পদাৰ্থ মুখেৰে নিৰ্গত হয়৷ সেয়া হয়তো পানী জাতীয়, হালধীয়া পিত্তপানী, অম্লস্বাদযুক্ত পাকস্থলীৰ ৰস, কফিৰ ৰঙৰ নাইবা ৰক্তমিহলিও হব পাৰে৷ বমি আৰু ওকালি দুয়োটাৰে কাৰণসমূহ একেই হব পাৰে৷ এই দুই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ মেডুলা অৱলংগটাত থকা কেম'ৰিচেপ্তৰ ট্ৰিগাৰ জন (CTZ ) নামৰ কেন্দ্ৰটোৱে৷

Monday, December 28, 2015

এজন প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ পাকিস্তান ভ্ৰমণ –.


প্ৰবাসী জীৱন যাপন কৰাৰ এৰাধৰাকৈ এটা দশকতকৈয়ো অধিক কাল অতিবাহিত হ'ল৷ মোৰ কৰ্মভূমি হোৱা দেশসমূহৰ ভিতৰত লিবিয়া, মালদ্বীপ,সংযুক্ত আৰব আমীৰাট আৰু কাটাৰৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ নানা দেশৰ,নানা বৰণৰ,নানা সংস্কৃতিৰ, নানা ভাষা-ভাষীলোকৰ সংস্পৰ্শলৈ আহি নিতৌ ন ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ৷ ডাবলিনৰ ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডত এসময়ত সহপাঠী হোৱা শৰ্মা উপাধিৰ পাকিস্তানী ডাক্তৰৰ ভাৰতলৈ ভ্ৰমণলৈ আহিবলৈ কি তীব্ৰ ইচ্ছা আৰু দুবাৰকৈ ভিছা নোপোৱাৰ দুখ, নিজ দেশৰ ইপাৰে ভাৰতত পৰিয়ালৰ বহুকেইজনক তেতিয়ালৈ লগ নোপোৱাৰ বেদনা আৰু অনেক কাহিনী বন্ধু হিচাবে মোৰ ওচৰত ব্যক্ত কৰিছিল৷ লিবিয়াত লগ পাই বেচ ঘনিষ্ঠ হৈ পৰিছিলোঁ পাকিস্তানী মেল নাৰ্চ এজন আৰু তেওঁৰ পৰিয়ালটোৰ সৈতে৷ ধৰ্মত খৃষ্টান হোৱা হেতুকে তেওঁৰ ঘৰৰ মানুহে পাকিস্তানত দূৰ্গতিৰ সন্মুখীন হবলগীয়া হলেও এওঁলোকৰ দেশপ্ৰেম শলাগিবলগীয়া৷ আনকি আগতে উল্লেখ কৰা পাকিস্তানী ডাক্তৰ শৰ্মাৰো তেজত দেশৰ প্ৰতি অনুৰাগ পৰিপূৰ্ণ৷ আনহাতে কাৰো মনত ভাৰত-বিদ্বেষ নাই৷ মালদ্বীপত পাকিস্তানী ডাক্তৰ ইমৰাণ হাচান মোৰ সহকৰ্মী আছিল৷ পৰিয়াল তেওঁৰ লগতে মালদ্বীপত আছিল৷ মোৰ লগত এক প্ৰকাৰ ঘৰুৱা সম্পৰ্ক গঢ়লৈ উঠিছিল৷ ই-মেইলযোগে আমাৰ যোগাযোগ এতিয়াও অব্যাহত আছে৷ মই নিজে ডেংগু হিমৰেজিক ফিভাৰত ভূগি চিক ৰুমত চিকিৎসাধীন হৈ থাকোতে মোক ঘৰৰ মানুহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ আনকি মোৰ তেজত প্লেটলেটৰ পৰিমাণ কমি পঞ্চাচ হাজাৰৰ তললৈ অহাত মোক ৪০০মিলিলিটাৰ তেজ ভাতৃসম ডাক্তৰ ইমৰাণে দি মোৰ জীৱন ৰক্ষা কৰিছিল৷ মোৰ দেহত পাকিস্তানীৰ তেজ আছে কাৰণেই নেকি মই পাকিস্তান আৰু পাকিস্তানীক ভাল পাওঁ! আনহাতে মোক বাংলা ভাষা কবলৈ, শিকিবলৈ বাধ্য কৰিলে মোৰ বাংলাদেশী ৰোগীসকলেই আৰু আজি তেওঁলোকে মোক নিজৰ 'আপোনজন' বুলি ভাবে - সেয়া এক অন্য অধ্যায় ৷ প্ৰবাসত মোৰ দৰে আন বহুতৰ উপলব্ধি হব - ভাৰত,পাকিস্তান আৰু বাংলাদেশ এই তিনিও দেশৰ নাগৰিকে নিজৰ ভিতৰত একো ভেদাভেদ নৰখাকৈ ভাল বন্ধুৰ দৰে সমিল মিলেৰে থাকে৷ তেওঁলোকৰ সৰহ সংখ্যক লোকেই ৰাজনৈতিক প্ৰদূষণৰ পৰা সম্পূৰ্ণ মু্ক্ত৷

Total Pageviews